অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! দীপালৱলীৰ ছুটিত ফুৰিবলৈ গৈ উভতি অহাৰ সময়তে গাড়ীৰ টায়াৰ ফাটি মৃত্যু মহিলা চিকিৎসকৰ…

নিউজ ডেস্কঃ ব্যস্ত জীৱন সূচীৰ মাজত কিছু সময় উপভোগৰ বাবে হায়দৰাবাদলৈ গৈছিল মহাৰাষ্ট্ৰৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডা০ সুৰেখা বৰলোটা!

দীপাৱলী আৰু ছট পূজাৰ বন্ধৰ সুযোগ লৈ পৰিয়ালৰ সৈতে হায়দৰাবাদত কিছু আনন্দৰ মুহূৰ্ত পাৰ কৰি উভতি অহাৰ পথতে সংঘটিত এক কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে।

image 22

এই দুৰ্ঘটনাত তেওঁৰ স্বামীকে ধৰি আন তিনিজন লোকো গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, মুম্বাইৰ যৱতমলৰ নিৱাসী স্ত্ৰীৰোগ বিশেষজ্ঞ ডা০ সুৰেখা বৰলোটাৰ পৰিয়াল আৰু বন্ধু পৰিয়ালে দীপাৱলীৰ ছুটিত তেলেংগানাৰ হায়দৰাবাদলৈ ফুৰিবলৈ গৈছিল।

image 23

আনন্দ-বিনোদনৰ অন্তত তেওঁলোকে যৱতমালালৈ উভতি অহাৰ সময়তে নিৰ্মলৰ পৰা হায়দৰাবাদলৈ যোৱা পথৰ টোল বুথৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত বৰলোটা পৰিয়ালে যাত্ৰা কৰা বাহনখনৰ টায়াৰ ফাটি দুৰ্ঘটনাগ্ৰস্ত হোৱাত ডা০ সুৰেখাৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

image 24

ইফালে এই দুৰ্ঘটনাত সুৰেখাৰ স্বামী ডা০ পীযুষ বৰলোটা আৰু তেওঁলোকৰ কন্যাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।

আহত সকলক পৰৱৰ্তী সময়ত আৰক্ষীয়ে হাস্পতাললৈ প্ৰেৰণ কৰে।

এই দুৰ্ঘটনাৰ খবৰে ডা০ সুৰেখা বৰলোটাৰ পৰিয়ালক শোকস্তব্ধ কৰি তুলিছে।