ভাৰতৰ IC-814 বিমান অপহৰণ কৰা পাকিস্তানী সন্ত্ৰাসবাদী ‘ডাক্তৰ’ক গুলীয়াই হত্যা…

নিউজ ডেস্ক। দুই দশক পূৰ্বে ভাৰতৰ যাত্ৰীবাহী বিমান অপহৰণ কৰা এগৰাকী পাকিস্তানী সন্ত্ৰসবাদীক গুলীয়াই হত্যা অজ্ঞাত আততায়ীৰ।

ছদ্মবেশ লৈ পাকিস্তানৰ কাৰাচী আখটাৰ কলনিত বাস কৰা মিস্ত্ৰি জৰুৰ ওৰফে ডাক্টৰক হত্যা।

উল্লেখ্য যে ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত নেপালৰ কাঠমাণ্ডুৰ পৰা দিল্লী অভিমুখী ইণ্ডিয়ান এয়াৰলাইন্‌ছৰ আই চি ৮১৪ বিমানখন অপহৰণ কৰিছিল পাঁচটা সন্ত্ৰাসবাদীয়ে।

FHXC5m2VgAAQJAa
ভাৰতৰ IC-814 বিমান অপহৰণ কৰা পাকিস্তানী সন্ত্ৰাসবাদী 'ডাক্তৰ'ক গুলীয়াই হত্যা... 6

ইয়াৰে অন্যতম আছিল মিস্ত্ৰি জৰুৰ ওৰফে ডাক্তৰ।

এখন মটৰচাইকেলত অহা দুটা অচিনাক্ত গুলীয়াই হত্যা কৰে মিস্ত্ৰ জৰুৰক।

মিস্ত্রিয়ে জাহিদ আখুণ্ড ছদ্মনাম লৈ কৰাচীত বাস কৰি আছিল।

FNOwMJZaMAAZaNk
ভাৰতৰ IC-814 বিমান অপহৰণ কৰা পাকিস্তানী সন্ত্ৰাসবাদী 'ডাক্তৰ'ক গুলীয়াই হত্যা... 7

মিস্ত্ৰি আছিল আখটাৰ কলনিৰ ভিতৰত থকা এখন ফার্নিচাৰৰ দোকানৰ গৰাকী।

FNOnU1uaQAAySwm
ভাৰতৰ IC-814 বিমান অপহৰণ কৰা পাকিস্তানী সন্ত্ৰাসবাদী 'ডাক্তৰ'ক গুলীয়াই হত্যা... 8

১৭৯ জন যাত্ৰী আৰু ১১জন বিমানকর্মী থকা ইণ্ডিয়ান এয়াৰলাইনছৰ বিমানখন পাঁচটা সন্ত্রাসবাদীয়ে নেপালৰ পৰা অপহৰণ কৰিছিল।

বিমানখন প্ৰথমতে অমৃতসৰত, তাৰ পাছত লাহোৰত আৰু তাৰ পাছত ডুবাইত অৱতৰণ কৰোৱা হৈছিল।

ডুবাইৰ পৰা বিমানখন অপহৰণ কৰি নিয়া হৈছিল আফগানিস্তানৰ কাণ্ডাহাৰলৈ ।

অপহৰণকাৰীকেইটাৰ ভিতৰত মিস্ত্রিয়ে ৰুপিন কাট্যাল নামৰ এজন ২৫ বছৰীয়া যাত্ৰীক ডিঙিত ৰেপ দি হত্যা কৰিছিল।

ভাৰতৰ IC-814 বিমান অপহৰণ কৰা পাকিস্তানী সন্ত্ৰাসবাদী 'ডাক্তৰ'ক গুলীয়াই হত্যা... 9

IC-814ৰ যাত্ৰী ৰূপীন কাত্যাল

অৱশেষত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰত ভাৰতীয় কাৰাগাৰবোৰৰ পৰা দুৰ্ধৰ্ষ সন্ত্রাসবাদী মাছুদ আজহাৰ, ছৈয়দ ওমৰ শ্বেখ আৰু মুক্তাক আহমদ জাৰগাৰক ভাৰতে মুকলি কৰি দিয়াৰ বিনিময়ত অপহৰণকাৰীবিলাকে যাত্রীসকলক মুকলি কৰি দিছিল।

লগতে চাওকঃ

প্ৰশিক্ষণৰ সময়তে প্ৰাণ ত্যাগ আৰক্ষী পিতৃৰ একমাত্ৰ সন্তান মনেশ্বৰৰ…

G1 19
ভাৰতৰ IC-814 বিমান অপহৰণ কৰা পাকিস্তানী সন্ত্ৰাসবাদী 'ডাক্তৰ'ক গুলীয়াই হত্যা... 10

Leave a Comment