অসম

চিত্তৰঞ্জন মোৰ জাতি ভাই, সেয়ে ১০/২০ টা ভোট তেখেতক দি দিছোঃ ভুবন গাম…

মাজুলী উপ নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ।

ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া।

ভোটগণনা প্ৰক্ৰিয়াত প্ৰথম পৰ্বতে ব্যাপক অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে।

পুৱা ১০ বজালৈ এজেপি প্ৰাৰ্থীতকৈ প্ৰায় চাৰি হেজাৰ ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ভুবন গাম।

অনুমান কৰা হৈছে যে, দুপৰীয়া প্ৰায় ১, ২ বজাত ফলাফলৰ এখন স্পষ্ট ছবি লাভ কৰিব পৰা যাব।

বিভিন্ন মহলত হোৱা চৰ্চা অনুসৰি মাজুলী উপ নিৰ্বাচনত শেষ হাঁহি মাৰিব বিজেপি প্ৰাৰ্থী ভুবন গামে।

ইপিনে ব্যাপক অগ্ৰগতি লাভ কৰি থকা ভুবন গামে সাংবাদিকৰ আগত প্ৰবল আত্মবিশ্বাসেৰে কয় যে, তেওঁ নিৰ্বাচনত জয়ী হোৱাতো ৯০ শতাংশ নিশ্চিত।

তেওঁ কয়- মই মুখেৰে নকও, কামাৰে কৰি দেখুৱাম। মই মিছা প্ৰতিশ্ৰুতি দিব নিবিচাৰো। মই ৯০ শতাংশ জয়ী হম বুলি আশাবাদী।

ইপিনে সাংবাদিকে তেওঁ কিয় ১০০ শতাংশ আশাবাদী নহয় বুলি সোধা প্ৰশ্নত তেওঁ কয়- দুই এজনকটো কিবা এটা দিব লাগিব। চিত্তৰঞ্জন নিজৰ জাতি ভাই, সেয়ে ১০/২০ টা ভোট তেখেতক দি দিছো।

উল্লেখ্য যে, বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভুবন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী।

Leave a Reply

Your email address will not be published. Required fields are marked *