অসম

শৃংখল চলিহাৰ গাড়ীৰ তলত ফটকা ফুটালে কোনে? খঙত অগ্নিশৰ্মা হৈ ক’লে এই কথা…

ৰাজ্যত ঘোষণা হ’ল পৌৰসভা নিৰ্বাচনৰ ফলাফল।

পৌৰসভা নিৰ্বাচনত নিৰংকুশ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে শাসকীয় বিজেপি দলে।

শিৱসাগৰতো বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় গেৰুৱা বাহিনীয়ে।

শিৱসাগৰত ৰাইজৰ দলে পৌৰসভা নিজৰ দখললৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও বেয়াকৈ মুখ থেকেচা খাব লগা হয় অখিল গগৈয়ে।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজয় উল্লাস কৰে বিজেপি দলে।

কিন্তু ইয়াৰ মাজতে শৃংখল চলিহাই উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।

তেওঁৰ গাড়ীৰ তলত বিজেপি দলৰ কৰ্মীয়ে ফটকা ফুটোৱাৰ অভিযোগ তুলিছে শৃংখলে।

কোনো বিশেষ সম্প্ৰদায়ৰ লোকে শৃংখল চলিহাৰ ঘৰৰ সমীপতে তেওঁৰ গাড়ীৰ তলত ফটকা ফুটোৱাৰ অভিযোগ তুলিছে।

যাৰ বাবে তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰা পৰিলক্ষিত হৈছে। লগতে বিশেষ সম্প্ৰদায়ৰ লোক কেইজনৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে।

অন্যথা তেওঁ প্ৰত্যাক্ৰমণ কৰিব বুলিও হুংকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *