অসমীয়াৰাষ্ট্ৰীয়

ভাৰতীয় সেনাৰ প্ৰথম মহিলা যুঁজাৰু বৈমানিক হিচাপে নিযুক্ত কেপ্টেইন অভিলাষা বৰাক

নিউজ ডেস্ক। ভাৰতীয় সেনা বাহিনীৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু বৈমানিক (কমবেট এভিয়েটৰ) হিচাপে নিযুক্ত হ’ল কেপ্টেইন অভিলাষা বৰাক।

বুধবাৰে এই গৌৰৱ অৰ্জন কৰিলে হাৰয়ানাৰ জীয়ৰী অভিলাষাই।

2 8

মহাৰাষ্ট্ৰৰ নাছিকৰ কমবেট আর্মি এভিয়েশ্যন ট্রেইনিং স্কুলত অনুষ্ঠিত এটা অনুষ্ঠানত সেনাৰ ৩৬জন বৈমানিকৰ লগতে অভিলাষাকো সন্মানীয় ‘উইংছ’ প্ৰদান কৰা হয়।

সেনা বাহিনীৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমত অৱগত কৰে যে কমবেট আর্মি এভিয়েশ্যন ক’ৰ্ছ সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত যুঁজাৰু বৈমানিক হিচাপে আমি এভিয়েশ্যন ক’ৰত যোগ দিয়া কেপ্টেইন বৰাক প্ৰথমগৰাকী মহিলা বিষয়া।

কেপ্টেইন বৰাক হাৰিয়ানাৰ আৰু ২০১৮ চনৰ ছেপ্টেম্বৰত আর্মি এয়াৰ ডিফেন্স ক’ৰত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হৈছিল।

FTn 62DaUAAV2jc

তেওঁ অৱসৰপ্ৰাপ্ত কর্নেল এছ ওম সিঙৰ কন্যা।

উক্ত অনুষ্ঠানত সেনাৰ এভিয়েশ্যনৰ সঞ্চালক প্ৰধান এ কে সুৰি মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

p1 10

আর্মি এভিয়েশ্যন ক’ৰত যোগ দিয়াৰ আগতে কেপ্টেইন অভিলাষাই ভালেমান পেছাদাৰী সামৰিক পাঠ্যক্রম সম্পূৰ্ণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *