অসম

হৃদয়বিদাৰক! পদপথৰ কাষত থকা গাঁতত পৰি ১৪ মহীয়া দেৱশিশুৰ সলিল সমাধি…

এক হৃদয়বিদাৰক ঘটনা।

পদপথৰ কাষত থকা গাঁতত পৰি সলিল সমাধি ঘটিল এটি ১৪ মহীয়া দেৱশিশুৰ।

দলগাঁও ভাগ ২ নং বৰুৱাঝাৰ গাঁৱৰ অফিচ বজাৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

ৰিফাত জিছান ১৪ মহীয়া শিশুটি ঘৰৰ ওচৰতে থকা এটি খাৱৈত পৰি সলিল সমাধি ঘটে।

জানিব পৰা মতে, পিতৃ জাহানুল হকে বেছিমাৰিলৈ যোৱাৰ সময়ত শিশুটিয়ে পিতৃৰ পিছ লয়। নিজৰ সন্তানটিক মৰম কৰি পত্নীক সন্তানটি চম্ভালিবলৈ কৈ তেওঁ গুচি যায়।

কিন্তু পিতৃক নেদেখি মাতৃৰ অজ্ঞাতে শিশুটিয়ে এখোজ দুখোজকৈ গৈ পদপথৰ কাষত থকা এটি গাঁতত পৰে।

অলপ পিছতে মাতৃয়ে শিশুটি ঘৰত প্ৰত্যক্ষ নকৰাত হুলস্থুল লাগে।

বিচাৰ খোচাৰ কৰাৰ অন্তত পদপথৰ কাষৰ এটা গাঁতত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে দেৱশিশুটিক।

কণমানি দেৱশিশুটিৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *