অসম

আৰক্ষীৰ অভিযানত জব্দ ৪ কোটি টকা মূল্যৰ ড্ৰাগছ, আৰ্টিগা বাহনত আনিছিল কৌশলেৰে লুকুৱাই…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ মৰিয়নীত আৰক্ষীৰ অভিযানত জব্দ হৈছে ৪ কোটি টকা মূল্যৰ ড্ৰাগছ।

লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

মঙলবাৰে মাজনিশা তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত মৰিয়নীৰ শিলিখা চাহ বাগিচাৰ ১১ নম্বৰ লাইনত অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।

image 94

অজিত ওৰাং নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও লগত থকা আন এটা ড্ৰাগছ সৰবৰাহকাৰী আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়।

ধৃত ওৰাঙৰ পৰা আৰক্ষীয়ে ২২ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে ব্যৱহাৰ কৰা এখন ERTIGA গাড়ী জব্দ কৰে।

image 93

ড্ৰাগছ সৰবৰাহকাৰী অজিত ওৰাঙৰ ঘৰ গোলাঘাট জিলাৰ উৰীয়ামঘাটত বুলি জানিব পৰা গৈছে।

বাহনখনৰ বডীৰ বিভিন্ন অংশ খুলি তালাচী চলোৱাত কৌশলপূৰ্ণভাৱে লুকুৱাই অনা ৩৬টা ব্ৰাউন ছুগাৰৰ পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে।

image 92

বাহনখনৰ ডেছ বৰ্ড, গিয়েৰ বক্স, হেড লাইট, বেকলাইটৰ ভিতৰত এই ব্ৰাউন চুগাৰৰ পেকেটসমূহ ভৰাই সৰবৰাহৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীৰ দলটোৱে।

ড্ৰাগছখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৪ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *