ৰাষ্ট্ৰীয়

ভাৰতত চতুৰ্থজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অ’মিক্ৰণ ভেৰিয়েণ্টৰ উপস্থিতি…

ভাৰতত পোহৰলৈ আহিছে চতুৰ্থটো অ’মিক্ৰণৰ ঘটনা।

এইবাৰ মহাৰাষ্ট্ৰৰ এজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অ’মিক্ৰণ ভেৰিয়েণ্টৰ উপস্থিতি।

অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰি মহাৰাষ্ট্ৰৰ লোকজনে অলপতে বিদেশৰ পৰা মুম্বাইলৈ উভতি আহিছিল।

ব্যক্তিজনে মুম্বাইৰ কল্যাণ দোম্বিভলি পৌৰ নিগম অঞ্চলত বাস কৰে বুলি মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ পৰা প্ৰকাশ কৰিছে।

জানিব পৰা মতে, অ’মিক্ৰণ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত লোকজনে দক্ষিণ আফ্ৰিকাৰ পৰা ডুবাই আৰু দিল্লী হৈ মুম্বাইলৈ আহিছিল।

ইপিনে, শনিবাৰে গুজৰাটত আন এজন লোকৰ শৰীৰত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰিছিল।

ইয়াৰ পূৰ্বে কৰ্ণাটকৰ দুজন লোকৰ শৰীৰত অ’মিক্ৰণ ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *