অসম

অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত জুবিন গাৰ্গ, অনিমেষৰ পৰিয়ালক কি আশ্বাস দিলে জুবিনে?

দিন দুপৰতে যোৰহাট চহৰৰ মাজমজিয়াত একাংশৰ বৰ্বৰ আক্ৰমত মৃত্যুক আকোৱালি লোৱা অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত কণ্ঠশিল্পী জুবিন গাৰ্গ।

অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হৈয়ে জুবিন গাৰ্গে অনিমেষ ভূঞাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

অনিমেষ ভূঞাৰ মাতৃৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি জুবিন গাৰ্গে অনিমেষ ভূঞাৰ ভাতৃক ৰাজ্য চৰকাৰে সংস্থাপন দিবা লাগে বুলিও মন্তব্য কৰে জুবিনে।

আনহাতে, ভবিষ্যতে অনিমেষ ভূঞাৰ পৰিয়ালক প্ৰয়োজনীয় সকলো সহায় কৰাৰো আশ্বাস প্ৰদান কৰে হৃদয়বান জুবিনে।

উল্লেখযোগ্য যে, যোৰহাটৰ অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য এতিয়াও অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *