ভাষাৰ পৰিধি ভাঙি দক্ষিণৰ ছবিত অভিনয়ৰ যাত্ৰা অসম কন্যা স্মৃতাৰাণী বৰাৰ! জানুৱাৰীত মুক্তিলাভ কৰিবলগীয়া ‘গ্ৰন্থলায়ম’ত দেখা যাব মুখ্য চৰিত্ৰত…

নিউজ ডেস্কঃ ভাষাৰ পৰিধি ভাঙি দক্ষিণৰ ছবিত খোপনি পুতিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী প্ৰতিভাৱান অভিনেত্ৰীয়ে।

দক্ষিণ ভাৰতৰ বিগ বাজেটৰ তেলেগু ছবি ‘গ্ৰন্থলায়ম’ত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ স্মৃতাৰাণী বৰা নামৰ অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ইতিমধ্যে টিজাৰ মুকলি হোৱা ‘গ্ৰন্থলায়ম’-এ ২০২৩ বৰ্ষৰ জানুৱাৰীত তেলেগু, তামিল, কানাড়ী, মালায়লম আৰু হিন্দী ভাষাত সমগ্ৰ দেশৰ ছবিগৃহতে মুক্তিলাভ কৰিব।

image 127
ভাষাৰ পৰিধি ভাঙি দক্ষিণৰ ছবিত অভিনয়ৰ যাত্ৰা অসম কন্যা স্মৃতাৰাণী বৰাৰ! জানুৱাৰীত মুক্তিলাভ কৰিবলগীয়া 'গ্ৰন্থলায়ম’ত দেখা যাব মুখ্য চৰিত্ৰত… 4

তেলেগু ছবিৰ প্ৰসিদ্ধ চলচ্ছিত্ৰ পৰিচালক ছায়েজীৱনে পৰিচালনা কৰা এই ছবিখনত স্মৃতাৰাণীৰ বিপৰীতে দেখা যাব জনপ্ৰিয় অভিনেতা বিন্নু মাধীপতিক।

প্ৰণিধানযোগ্য যে, ‘বাঃ অমৰাৱতী বাঃ’ শীৰ্ষক অসমীয়া মেগা চিৰিয়েলৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা স্মৃতাৰাণী বৰাই বিগত তিনি বছৰ মুম্বাইত কেৰিয়াৰৰ বাবে সংগ্ৰাম চলোৱাৰ পিছত লাভ কৰে ‘গ্ৰন্থলায়ম’ৰ মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ।

image 128
ভাষাৰ পৰিধি ভাঙি দক্ষিণৰ ছবিত অভিনয়ৰ যাত্ৰা অসম কন্যা স্মৃতাৰাণী বৰাৰ! জানুৱাৰীত মুক্তিলাভ কৰিবলগীয়া 'গ্ৰন্থলায়ম’ত দেখা যাব মুখ্য চৰিত্ৰত… 5

ছবিগ্ৰহণৰ দৃশ্যগ্ৰহণৰ সময়তে বহু পৰিচালক-প্ৰযোজকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা স্মৃতাৰাণীয়ে শীঘ্ৰে আন কেইবাখনো দক্ষিণ ভাৰতৰ ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হ’ব বুলি জানিব পৰা গৈছে।

image 129
ভাষাৰ পৰিধি ভাঙি দক্ষিণৰ ছবিত অভিনয়ৰ যাত্ৰা অসম কন্যা স্মৃতাৰাণী বৰাৰ! জানুৱাৰীত মুক্তিলাভ কৰিবলগীয়া 'গ্ৰন্থলায়ম’ত দেখা যাব মুখ্য চৰিত্ৰত… 6

ইফালে ১৮ ডিচেম্বৰত গ্ৰন্থলায়মৰ টিজাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে মোহময়ী অভিনেত্ৰীগৰাকীৰ পিতৃ অতুল বৰা আৰু মাতৃ অৰ্চনা বৰাও।

স্মৃতাৰাণীৰ সাফল্যত পিতৃ-মাতৃ উৎফুল্লিত হোৱাৰ লগতে এই খবৰে আনন্দিত কৰিছে সমগ্ৰ অসমবাসীক।