শোকাবহ! খোজকাঢ়ি বজাৰলৈ ওলাই অহাৰ সময়তে উদণ্ড বাইক চালকৰ খুন্দাত মৃত্যু অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়াৰ…

নিউজ ডেস্কঃ খোজকাঢ়ি বজাৰলৈ গৈ থকাৰ সময়তে উদণ্ড বাইক চালকৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী বিশিষ্ট সমাজকৰ্মীয়ে।

বৃহস্পতিবাৰে শিৱসাগৰৰ পৰিবহণ নিগম তিনিআলিত উদণ্ড বাইক চালকৰ প্ৰচণ্ড খুন্দাত প্ৰাণ হেৰুৱায় বিশিষ্ট সমাজকৰ্মী তথা অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া খগেন্দ্ৰ নাথ শইকীয়াই (৭৫)।

জানিব পৰা মতে, পুৱা প্ৰায় ১১.৩০ বজাত ফুকন নগৰৰ নিৱাসী শইকীয়াই খোজকাঢ়ি পৰিবহণ নিগম তিনিআলিলৈ বজাৰ কৰিবলৈ যোৱাৰ সময়তে তীব্ৰ বেগত অহা এএছ ০৪এএ ১৯৩৫ নম্বৰৰ বাইকখনে মহটিয়াই নিয়ে খগেন্দ্ৰ নাথ শইকীয়াক।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শইকীয়াক লগে লগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সমাজৰ নামদাং শাখাৰ প্ৰাক্তন সভাপতি খগেন্দ্ৰ নাথ শইকীয়া শিৱসাগৰৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতোঃপ্ৰতভাৱে জড়িত আছিল।

অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত বিষয়া খগেন্দ্ৰ নাথ শইকীয়াৰ এনে অকল্পনীয় মৃত্যুৱে সমগ্ৰ শিৱসাগৰতে গভীৰ শোকৰ ছাঁ পেলাইছে।

ইফালে ঘটনাৰ পিচতে উপস্থিত হোৱা যান-বাহন আৰক্ষীৰ দলে বাইকখন জব্দ কৰাৰ লগতে তীব্ৰবেগী বাইকখনৰ চালক চাৰিং নিবাসী বিপুল হাজৰিকাকো সামান্য আঘাতৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই তদন্ত অব্যাহত ৰাখিছে।