মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ ট্ৰাক, শ্বহীদ ১৬ গৰাকী জোৱান…

নিউজ ডেস্কঃ ছিক্কিমত ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ ট্ৰাক।

image 130
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ ট্ৰাক, শ্বহীদ ১৬ গৰাকী জোৱান… 4

দুৰ্ঘটনাত শ্বহীদ ভাৰতীয় সেনা বাহিনীৰ কমেও ১৬৫ গৰাকী জোৱান।

ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

image 131
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ ট্ৰাক, শ্বহীদ ১৬ গৰাকী জোৱান… 5

জানিব পৰা মতে, সেনাৰ ৩ খন বাহনৰ কনভয় চতনৰ পৰা থাংগু অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

জেমালৈ যোৱাৰ পথত জোৱান কঢ়িয়াই নিয়া ট্ৰাকৰ চালকে নিয়ন্ত্ৰণ হেৰুওৱাত বাহনখনত দ খাৱৈত বাগৰি পৰে।

image 132
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ ট্ৰাক, শ্বহীদ ১৬ গৰাকী জোৱান… 6

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে।

ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত জোৱানসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।