নিউজ ডেস্কঃ অৱশেষত ঘোষণা কৰা হ’ল নলবাসী ৰাইজে অধীৰ অপেক্ষাত থকা এটা বিশেষ দিন।
অহা ৬ ডিচেম্বৰত মুকলি কৰা হ’ব নলবাৰী জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰিয়হতলীত নিৰ্মাণ কৰা তাৰকা গৃহটো।
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম ৩ডি তাৰকা গৃহটো ৬ ডিচেম্বৰত উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, ২০১২ চনতে তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত তাৰকা গৃহৰ আধাৰশিলা স্থাপন কৰিছিল।
কিন্তু বিগত এটা দশক পাৰ হোৱাৰ পিছতো তাৰকা গৃহটো মুকলি নকৰাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
২০২১ চনৰ পৰা পুনৰ ক্ষীপ্ৰ গতিত ৩ডি তাৰকা গৃহটোৰ নিৰ্মাণকাৰ্য চলাই সম্পূৰ্ণ কৰা হৈছিল নিৰ্মাণকাৰ্য।
তাৰ পিছতে অহা ৬ ডিচেম্বৰত তাৰকা গৃহটো দৰ্শকৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে।









