অসমীয়াঅসম

দুঃখবৰ! কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবিৰ দেহাৱসান…

নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি অৱশেষত শেষ নিশ্বাস ত্যাগ কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবিৰ।

শনিবাৰে পুৱা প্ৰায় ৮.৩০ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে টকবিয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ।

উল্লেখ্য যে, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাকালত ১৯৫৯ চনৰ পৰা ১৯৬১ চনলৈ সংগঠনটোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰতাপ চন্দ্ৰ টকবিয়ে।

image 18

কাৰ্বি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক প্ৰতিষ্ঠানৰ সৈতে আজীৱন জড়িত হৈ আছিল টকবি।

এইগৰাকী প্ৰাক্তন ছাত্ৰ নেতাৰ বিয়োগে শোকৰ ছাঁ পেলাইছে সমগ্ৰ কাৰ্বি আংলঙত।

কাৰ্বি ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে টকিবৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।