মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহৰ সমীপত ভয়ংকৰ টেংকাৰ বিস্ফোৰণ, নিহত এজন…

মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহৰ সমীপত ভয়ংকৰ টেংকাৰ বিস্ফোৰণ।

বিস্ফোৰণৰ ফলত নিহত হৈছে এগৰাকী লোক, আনহাতে কিছুপৰিমাণে ক্ষতিগ্ৰস্ত হৈছে মন্ত্ৰীগৰাকীৰ বাসগৃহ।

গোলাঘাটৰ বেঙেণাখোৱাৰ এটা গেৰেজত সংঘটিত হৈছে এই ভয়াবহ টেংকাৰ বিস্ফোৰণ।

মৃত ব্যক্তি জন নৱীন বৰুৱা। তেওঁ গেৰেজটোৰ স্বত্বাধীকাৰী। টেংকাৰখন নম্বৰ NL07AA- 1350।

টেংকাৰ বিস্ফোৰণত মন্ত্ৰী অজন্তা নেওগৰ ঘৰৰ লগতে বহু কেইটা ঘৰ আৰু কেইবাখনো দোকান ক্ষতিগ্ৰস্ত হৈছে।

পানী নভৰোৱাকৈ খালী টেংকাৰখনৰ মেৰামতি কৰিছিল মৃত নৱীন বৰুৱাই, তেনেতে হঠাতে বিস্ফোৰিত হয় টেংকী।

ঘটনা স্থলীত আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।