ভাগৰত পথৰ দাঁতিতে শুই পৰা শ্ৰমিকক মহতিয়াই লৈ গ’ল দ্ৰুতবেগী ট্ৰাকে! নিহত ৩, আহত ১২ জন

নিউজ ডেস্কঃ নিয়ন্ত্ৰণহীন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই লৈ গ’ল ভাগৰত লেবেজান হৈ পথৰ দাঁতিতে শুই পৰা ১৫ জনকৈ শ্ৰমিকক। যাৰ ফলত ৩ জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ১২ জন।

এই শোকাবহ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ঝাজ্জৰত। জানিব পৰা মতে, বুধবাৰে নিশা কুণ্ডলী-মানেচাৰ-পালৱাৰ (কেএমপি) এক্সপ্ৰেছৱেৰ সমূপত সংঘটিত হয় এই দুৰ্ঘটনা।

3 Dead, Over 10 Injured as Truck Runs Over Migrant Labourers in Haryana

কেএমপি এক্সপ্ৰেছৱেৰ নিৰ্মাণত নিয়োজিত একাংশ শ্ৰমিকে সন্ধিয়া কাম সম্পাদন কৰাৰ পিছত পথৰ কাষতে শুই পৰিছিল। সেই সময়তে এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই লৈ যায় শুই থকা শ্ৰমিক কেইজনক।

Haryana jhajjar breaking truck hit the laborers sleeping on the roadside at  kmp expressway 3 killed 11 injured Snm News-Pipa | News PiPa
ভাগৰত পথৰ দাঁতিতে শুই পৰা শ্ৰমিকক মহতিয়াই লৈ গ’ল দ্ৰুতবেগী ট্ৰাকে! নিহত ৩, আহত ১২ জন 3

দুৰ্ঘটনাটোত তিনিজন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে আহত ১২ জনক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ১০ জনক সংকটজনক অৱস্থাত পৰৱৰ্তী সময়ত ৰোহতকৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ (পিজিআইএমএছ) প্ৰেৰণ কৰা হয়।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে জব্দ কৰিছে।

Leave a Comment