অসম

ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাহুল গান্ধী, বৰ্নাত্যৰ কাষত দলীয় নেতা-কৰ্মীক থিয় হ’বলৈ আহ্বান…

ৰাজ্যত অপৰিৱৰ্তীত বান পৰিস্থিতি।

ৰুষ্ট প্ৰকৃতি যেন শান্ত হোৱাৰ নামেই লোৱা নাই। চাৰিওফালে কেৱল জলপ্ৰলয়।

উজনি আৰু নামনি অসমৰ মুঠ ২৯ খন জিলাত বানপানীৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে৷

ডিমা হাচাওৰ লগতে বৰাক উপত্যকাটো বানে কন্দুৱাইছে প্ৰতিগৰাকী বৰাকবাসীক।

ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক উদ্বিগ্নতা প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

দলীয় নেতা-কৰ্মীক বৰ্নাত্যৰ কাষত থিয় হ’বলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে।

লগতে সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে।

টুইটাৰযোগে ৰাজ্যৰ কংগ্ৰেছ কৰ্মীলৈ এই নিৰ্দেশ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *