অসমীয়াঅসম

কাম বিচাৰি ঢাপলি মেলিছিল কেৰালালৈ, কিন্তু অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যুক সাৱটিলে অসমীয়া যুৱকে

নিউজ ডেস্কঃ বহিঃৰাজ্যত পুনৰ মৃত্যুক সাৱটিলে অসমৰ আন এজন যুৱকে! কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলা গোলাঘাট জিলাৰ খুমটাইৰ শাওতলী চাহ বাগিচাৰ এজন যুৱকৰ মৃত্যুৰ বাতৰিয়ে শোকবিহ্বল কৰি তুলিছে সকলোকে।

জানিব পৰা মতে, শাওতলী চাহ বাগিচাৰ ৰাজেশ কৰ্মকাৰৰ ৩০ বছৰীয়া পুত্ৰ কুণাল কৰ্মকাৰে বাগিচাৰে আকাশ কুমী নামৰ এজন যুৱকৰ সৈতে যোৱা ১৫ মে’ত কামৰ সন্ধানত কেৰেলালৈ যাত্ৰা কৰিছিল।

photo1653025048

কিন্তু যাত্ৰা পথতে অন্ধ্ৰপ্ৰদেশৰ কোনো এক স্থানত কুনাল কৰ্মকাৰৰ মৃত্যু ঘটা বুলি ফোনযোগে পৰিয়ালক জানিবলৈ দিয়ে লগত যোৱা আকাশ কুমীয়ে। যি খবৰে পৰিয়ালটোত হুৱাদুৱা লগায়।

কি পৰিস্থিতিত আৰু কিদৰে কুনালৰ মৃত্যু ঘটিল, সেই সন্দৰ্ভত আকাশ কুমীয়ে কোনো কথা পৰিয়ালক স্পষ্টকৈ নকোৱাত এতিয়া যুৱকজনৰ মৃত্যু সন্দৰ্ভতো ৰহস্যৰ সৃষ্টি হৈছে।

কুনালৰ পৰিয়ালে জানিবলৈ দিয়া মতে, আকাশ কুমীয়ে অন্ধ্ৰপ্ৰদেশৰ পৰা কুনালৰ মৃতদেহৰ এখন ফটোহে পৰিয়াললৈ প্ৰেৰণ কৰিছে। যাৰ বাবে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালে।

ইফালে আৰ্থিক অভাৱৰ বাবে কুনালৰ মৃতদেহ ঘৰলৈ উভতাই আনিবলৈও অপৰাগ যুৱকজনৰ পৰিয়াল। যাৰ বাবে এতিয়া চৰকাৰৰ সহায় বিচাৰিছে পৰিয়ালটোৱে।

উল্লেখ্য যে, এটি কণমানি কন্যা সন্তানৰ পিতৃ কুনাল কৰ্মকাৰে আৰ্থিক অভাৱৰ বাবে কৰ্মৰ সন্ধানত কেৰালালৈ ঢাপলি মেলিছিল। কিন্তু কাম বিচাৰি যোৱাটোৱেই যে যুৱকজনৰ বাবে কাল হ’ব, সেয়া কল্পনাও কৰা নাছিল কোনোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *