ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত স্বামী-স্ত্ৰী, কথমপি প্ৰাণৰক্ষা দেৱশিশুৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা৷

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাহনখনত থকা স্বামী-স্ত্ৰী৷ কথমপি প্ৰাণৰক্ষা দেৱশিশুৰ৷

নলবাৰীৰ মুগকুছিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এডাল গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়৷

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 01EZ 4055..৷

অৱশ্যে দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে দম্পতীটোৰ কেঁচুৱাৰ৷

গাড়ী চলাই থকাত টোপনি ধৰাৰ বাবেই এই দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।