ভয়ংকৰ ঘটনা! জে’লৰ নিৰাপত্তাৰক্ষীক হত্যা কৰি পলায়ন NSCN(K)ৰ দুৰ্ধৰ্ষ কেডাৰ…

অৰুণাচল প্ৰদেশৰ খোনচাত ভয়ংকৰ ঘটনা৷

জে’লৰ নিৰাপত্তাৰক্ষীক হত্যা কৰি পলায়ন NSCN(K)ৰ দুৰ্ধৰ্ষ কেডাৰৰ৷

এটা AK-47 ৰাইফলৰ সৈতে খোনচা জে’লৰ পৰা পলায়ন দুই উগ্ৰপন্থীৰ৷

নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰি AK-47 ৰাইফল কাঢ়ি লৈ পলায়ন দুই উগ্ৰপন্থী কেডাৰৰ৷

পলায়নৰ সময়ত প্ৰৱেশদ্বাৰত কৰ্মৰত কনিষ্টবলক মূৰত গুলীয়াই হত্যা কৰি থৈ যায় দুই কেডাৰে৷

উগ্রপন্থী সদস্যৰ গুলীত নিহত জোৱানজন হৈছে ৱাংনিয়াম বছাই৷

পলায়ন কৰা উগ্রপন্থী দুটা NSCN(K)ৰ ৰকছন হোমছা আৰু টিপটু কিটন্যা৷

ঘটনাৰ পাছতে বিশেষ নিৰাপত্তাবাহিনীৰ সৈতে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷