ভয়ংকৰ অগ্নিকাণ্ড! জুইত জাহ গ’ল ২০০ৰো অধিক বাসগৃহ, কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান…

নিউজ ডেক্সঃ এক ভয়ংকৰ অগ্নিকাণ্ড৷

জুইত জাহ গ’ল ২০০ৰো অধিক বাসগৃহ, কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান৷

লাহৰিজানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।

জুইৰ লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে ছানি ধৰে এক বৃহৎ অঞ্চল।

এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ৷

বোকাজানৰ লগতে ডিমাপুৰৰ পৰা অহা ৪খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।

এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০০ৰো অধিক বাসগৃহ আৰু কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

ঘটনাস্থলীত খটখটী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা৷