সীমান্ত সংঘৰ্ষ! অসমত চিমেণ্টৰ নাটনিৰ সম্ভাৱনা, চিমেণ্ট অবিহনে ওভতিছে অসমৰ ট্ৰাক…

সীমান্ত সংঘৰ্ষৰ মাজতে অসমত চিমেণ্টৰ নাটনিৰ সম্ভাৱনা।

মেঘালয়ৰ চিমেণ্ট কোম্পানীয়ে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত।

লুমছুলুংস্থিত কোম্পানীয়ে অসমলৈ বন্ধ কৰিছে চিমেণ্টৰ সৰবৰাহ।

ডালমিয়াসহ কেইবাটাও চিমেণ্ট কোম্পানীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

চিমেণ্ট নিদিয়াকৈয়ে ওভতাই পঠিয়াইছে অসমৰ ট্ৰাক।

মাজনিশালৈকে ৰাজপথত আবদ্ধ হৈ থাকিল অসমৰ পঞ্জীয়নভুক্ত ট্ৰাক।

উল্লেখ্য যে, ২২ নৱেম্বৰৰ পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অবৈধ কাঠ সৰবৰাহক লৈ অসম বন বিষয়া আৰু খাচী দুৰ্বৃত্তৰ মাজত বাকবিতণ্ডাৰ সময়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু ঘটনাত নিহত হৈছিল ৬জনকৈ লোক।