অসমীয়াঅসম

বৰ্ষণমুখৰ পুৱা পথাৰত উদ্ধাৰ সদ্যোজাত দেৱশিশু! উদ্ধাৰ কৰি মহিলাই ক’লে- মৰিবলৈ ধৰা শিশুটিক আমি জীয়াই তুলিছো, আৰক্ষী আহিলেও নিদিও…

নিউজ ডেস্কঃ কিমান নিৰ্দয় হ’লে মাতৃয়ে পথৰ বৰ্ষণমুখৰ দিনত পথৰ দাঁতিত পেলাই থৈ যাব পাৰে সদ্যোজাত দেৱশিশুক!

গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত পোহৰলৈ আহিছে তেনে এগৰাকী হৃদয়হীনা মাতৃৰ নিৰ্দয় কাণ্ড।

সোমবাৰে পুৱা উৰিয়ামঘাটৰ ধনতোলাত পথৰ কাঁষৰ এখন পথাৰত উদ্ধাৰ হয় এটি ১০ দিনীয়া নৱজাতক।

image 65

বৰষুণত তিতি-বুৰি থকা শিশুটি প্ৰথমে এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে প্ৰত্যক্ষ কৰি লগে লগে উৰিয়ামঘাট আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

বৰ্তমান শিশুটি সুস্থ বুলি জানিব পৰা গৈছে।

বৰষুণৰ এনে দিনত সদ্যোজাত দেৱশিশুটিক এনেদৰে পথৰ দাঁতিত পেলাই থৈ যোৱাৰ কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ উৰিয়ামঘাটত।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি শিশুটিৰ মাতৃৰ সন্ধান চলাইছে।

ইফালে দেৱশিশুটিক পথাৰৰ পৰা উদ্ধাৰ কৰা মহিলাগৰাকীয়ে কয় যে শিশুটিক তেওঁলোকে নিজৰ কৰি ল’ব।

মৰিবলৈ ধৰা শিশুটিক পুনৰ জীয়াই তোলা মহিলাগৰাকীয়ে যে এতিয়া আৰক্ষী আহিলেও তেওঁলোকে শিশুটিক ওভতাই নিদিয়ে।