এইবাৰ ড্ৰাগছৰ সৰবৰাহত নামিল খোদ CRPFৰ জোৱান! ড্ৰাগছসহ আটক ৪ জন…

নিউজ ডেস্কঃ ড্ৰাগছৰ ব্যৱসায়ত নামিল খোদ CRPFৰ জোৱান!

নগাঁওত ড্ৰাগছসহ আটক এজন CRPF জোৱান।

নগাঁও জিলাৰ কামপুৰৰ প্ৰমিলা জাৰণিত ড্ৰাগছসহ আটক এজন চিআৰপিএফৰ জোৱানৰ লগতে আন তিনিজনক।

জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এএছ ০২এএইচ ৪৮১৬ নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰে ১৮.১৪ গ্ৰাম ড্ৰাগছ।

ধৃত চিআৰপিএফ জোৱানজনৰ পৰিচয় সুব্ৰত ভাট বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, নগাঁৱৰ ৩৪নং চিআৰপিএফ কেম্পৰ জোৱান ধৃত সুব্ৰত ভাট।

ইফালে ড্ৰাগছৰ সৰবৰাহত জড়িত থকা থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা আন তিনিজনক ছফিকুল ইছলাম, ফুৰকন আলী আৰু ফখৰুদ্দিন বুলি জানিব পৰা গৈছে।