অসমীয়াঅসম

‘গংগা’ৰ দৰেই বাধা নেওচি বৈ যোৱাৰ হেঁপাহ! অসুখীয়া স্বামী, দুই সন্তানৰ বাবে জীৱন সংগ্ৰাম চলাইছে বৰপেটাৰোডৰ গংগাই…

নিউজ ডেস্কঃ ৰোগাক্ৰান্ত স্বামী শয্যাশায়ী হোৱাৰ পিছতে কাল ধুমুহা নামি আহিছিল মহিলাগৰাকীৰ জীৱনলৈ।

পৰিয়ালৰ ভৰণ-পোষণৰ লগতে দুই সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব নিজে বহন কৰিবলৈ গৈ দিক বিদিক হেৰুৱাই পেলাইছিল তেওঁ।

বহুদিন সংগোপনে চকুলো টুকাৰ পিছত অৱশেষত যেন জীৱিকাৰ এটা বাট বিচাৰি পালে মহিলাগৰাকীয়ে।

সেই বাটেৰেই এতিয়া আগবাঢ়ি দুই সন্তানক উচ্চ শিক্ষিত কৰাৰ সপোন দেখিছে মহিলাগৰাকীয়ে।

সমান্তৰালভাৱে মহিলাগৰাকীৰ জীৱন সংগ্ৰামে আজি আন বহু মহিলাকো অনুপ্ৰানিত কৰিছে।

সেই মহিলাগৰাকীৰ নাম গংগা বৰ্মন।

vlcsnap 2023 03 20 16h01m56s740

বৰপেটাৰোডৰ মৈৰাঝাৰ পাঠাৰৰ নিৱাসী গংগা বৰ্মনৰ স্বামী অসুখীয়া।

স্বামীৰ চিকিৎসা, পৰিয়ালৰ ভৰণ-পোষণ আৰু সন্তান দুটিক মানুহ কৰাৰ সংগ্ৰামত ভাৰাক্ৰান্ত গংগা বৰ্মনে এদিন আৰম্ভ কৰিছিল ঘৰে ঘৰে চিৰা, মুড়ি, আখৈ, বুটৰ চাগু আদি বিক্ৰী কৰিবলৈ।

প্ৰথমাৱস্থাত গংগাক বহুতেই হাঁহিছিল। কিন্তু গংগা যে সদায় গংগায়েই।

বাধা নেওচি বৈ যোৱাৰ সাহসে লাহে লাহে সলনি কৰিছে গংগাৰ জীৱন।

এদিন খোজকাঢ়ি ঘৰে ঘৰে গৈ আখৈ, মুড়ি, চিৰা, চাগু বিক্ৰী কৰা গংগাই আজি মটৰ চাইকেল লৈ চলাই গৈছে ব্যৱসায়।

অৱশ্যে গংগাৰ বাবে দৰিদ্ৰতা এতিয়াও এক প্ৰত্যাহ্বান।

vlcsnap 2023 03 20 15h53m39s014

কিন্তু তথাপিও দুই সন্তানৰ শিক্ষা, পৰিয়ালৰ দায়িত্ব বহন কৰিব পৰাকৈ গংগা বৰ্মন এতিয়া স্বাৱলম্বী।

উল্লেখ্য যে, গংগাৰ এই জীৱন সংগ্ৰামে আজি বহুতকে উদ্বুব্ধ কৰিলেও চৰকাৰৰ অভিলাসী আঁচনিৰ পৰা আজিও বঞ্চিত হৈয়ে আছে এইগৰাকী কৰ্মোদ্যমী মহিলা।