অসমীয়াঅসম

এগৰাকী মহিলাৰ উকা কপালত সেন্দূৰ সানি পত্নীৰ মৰ্যাদা প্ৰদান কৰিলে দৰঙৰ বিজু ফুকন শৰ্মাই…

নিউজ ডেস্কঃ বৈধব্যৰ যন্ত্ৰণাৰ পৰা মুক্তি দি এগৰাকী মহিলাক নতুন জীৱন প্ৰদান কৰি সৰ্বত্ৰে প্ৰশংসিত হৈছে দৰঙৰ এজন যুৱক।

আজিও সমাজে অশুভ বুলি গণ্য কৰা এগৰাকী বিধৱাকে জীৱন সংগীৰূপে বাচি লৈ যুৱকজনে সম্পন্ন কৰিলে বিবাহ।

image 61

পশ্চিম দৰঙৰ ঐতিহাসিক নাৰিকলি মন্দিৰত বৃহস্পতিবাৰে হোমৰ জুইক সাক্ষী কৰি বিধৱা মহিলাগৰাকীক পত্নীৰ মৰ্যাদা প্ৰদান কৰে বিজু ফুকন শৰ্মা নামৰ যুৱকজনে।

যুৱকজনৰ এনে ইতিবাচক সিদ্ধান্তই এতিয়া চৰ্চা লাভ কৰিছে দৰঙৰ লগতে সমগ্ৰ ৰাজ্যত।

দুয়োৰে যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰি বিজু ফুকন শৰ্মাৰ পদক্ষেপক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।