মৰ্মান্তিক! অহাৰ কথা আছিল বিয়াৰ আশীষ দিবলৈ, এতিয়া আহিব লাগিব মৃত দৰাৰ সকামলৈ, আনন্দৰ মাজতে হঠাৎ নামিল দুখৰ ধুমুহা…

নিউজ ডেস্কঃ পৰিয়ালৰ সকলোৰে আকাংক্ষিত বিয়াখনক লৈ এতিয়া ঘৰত সৃষ্টি হ’ব লাগিছিল উছৱ মুখৰ পৰিৱেশৰ!

বিয়াৰ যা-যোগাৰ, ৰভা, বেণ্ড পাৰ্টি- সকলো ঠিক কৰাত ব্যস্ত হ’ব লাগিছিল পৰিয়ালৰ সদস্যসকল। কিন্তু নিয়তিৰ বাবেই যেন সেয়া হৈ নুঠিল।

বিয়াৰ বাবে নিৰ্ধাৰিত দিনটোতে এতিয়া চোতালত সম্পন্ন হ’ব দৰাৰ তেৰদিনীয়া সকাম। যাৰ বাবে এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসী।

দৰাচলতে ৰাজস্থানৰ যোধপুৰৰ বালেছাৰ নিৱাসী এখন মহাবিদ্যালয়ৰ প্ৰৱক্তা ভোম সিঙৰ বিয়া ঠিক হৈছিল ২৬ জানুৱাৰীত।

বৰমেৰৰ কইনাৰ ঘৰলৈ সেইদিনা ঢোলে-দগৰে যোৱাৰ কথা আছিল দৰা ভোম সিং। পূৰ্ণ গতিত চলিল বিয়াৰ আয়োজন। ১৫ লাখ টকাৰে কইনাৰ বাবে গঢ়িছিল সোণৰ গহনা।

কিন্তু মকৰ সংক্ৰান্তিৰ দিনাই বন্ধুৰ সৈতে বিয়াৰ চিঠি বিলাবলৈ গৈ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয় ভোম সিঙে।

বাইকেৰে তেওঁ বন্ধুৰ সৈতে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে মৃত্যু ঘটে ভোম সিঙৰ।

ভোম সিঙৰ এই মৃত্যুৰ বাতৰিয়ে শোকাহত কৰে পৰিয়ালক। কান্দি কান্দি অচেতন হৈ পৰে ভাৱীপত্নীও।

যিটো দিনত ঘৰৰ চোতালৰ পৰা ভোম সিঙে দৰাৰ সাজত কইনা আনিবলৈ যাবলগীয়া আছিল, সেই দিনটোতে এতিয়া তেওঁৰ তেৰদিনীয়া সকাম সম্পন্ন কৰিবলৈ প্ৰস্তুতি চলাইছে শোকদগ্ধ পৰিয়ালে।