চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত বিয়া, কিন্তু তাৰ পূৰ্বে গাড়ীৰ ভিতৰত ৰহস্যজনভাৱে উদ্ধাৰ জোৱান বিপিন কুমাৰৰ গুলীবিদ্ধ মৃতদেহ…

নিউজ ডেস্কঃ অহা সপ্তাহত ঠিক হৈছিল বিয়া। বিয়ালৈ দিন চমু চাপি অহাৰ লগে লগে বিয়াৰ যা-যোগাৰত ব্যস্ত হৈ পৰিছিল পিএচিৰ জোৱানগৰাকীও।

দুই এদিনতে ছুটি লৈ যোৱাৰ কথা আছিল ঘৰলৈ।

কিন্তু তাৰ পূৰ্বেই ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল জোৱানজনৰ গুলীবিদ্ধ মৃতদেহ।

image 59
চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত বিয়া, কিন্তু তাৰ পূৰ্বে গাড়ীৰ ভিতৰত ৰহস্যজনভাৱে উদ্ধাৰ জোৱান বিপিন কুমাৰৰ গুলীবিদ্ধ মৃতদেহ… 4

পিএচিৰ বাহনৰ ভিতৰত জোৱানগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত।

জানিব পৰা মতে, শুকুৰবাৰে পিএচিৰ বাহনৰ ভিতৰত গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ হয় পিএচিৰ জোৱান তথা আলিগড়ৰ নিৱাসী বিপিন কুমাৰৰ মৃতদেহ।

২০২১ চনৰ পিএচি জোৱান বিপিন কুমাৰে শুকুৰবাৰে মুখ্যমন্ত্ৰী আৱাসত কৰ্তব্য সম্পাদন কৰি সন্ধিয়া ৬ বজাত পিএচিৰ বাহনেৰে ৰামাবাই স্থলস্থিত কেম্পলৈ উভতিছিল।

image 60
চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত বিয়া, কিন্তু তাৰ পূৰ্বে গাড়ীৰ ভিতৰত ৰহস্যজনভাৱে উদ্ধাৰ জোৱান বিপিন কুমাৰৰ গুলীবিদ্ধ মৃতদেহ… 5

কিন্তু তাৰ পিছতে জোৱানজনৰ মৃতদেহ বাহনৰ ভিতৰতে ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

image 58
চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত বিয়া, কিন্তু তাৰ পূৰ্বে গাড়ীৰ ভিতৰত ৰহস্যজনভাৱে উদ্ধাৰ জোৱান বিপিন কুমাৰৰ গুলীবিদ্ধ মৃতদেহ… 6

জনিব পৰা মতে, অহা ২৬ জানুৱাৰীত বিয়া ঠিক হৈছিল জোৱান বিপিন কুমাৰৰ। মাত্ৰ দুদিন পূৰ্বে জোৱানজনে হ’বলগীয়া পত্নীক লগত লৈ বজাৰ-সমাৰ কৰিছিল।

জোৱানজনৰ এনে আকস্মিক আৰু ৰহস্যজনক মৃত্যুক শোকাহত হৈ পৰিছে পৰিয়াল।

ইফালে শনিবাৰে সামাৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় জোৱান বিপিন কুমাৰৰ।