বেজৰ নাকতে খৰ! ড্ৰাগছ ইন্সপেক্টৰৰ ঘৰত ওলাল কোটি কোটি টকা

নিউজ ডেস্কঃ বেজৰ নাকতে লাগিল খৰ! এইবাৰ খোদ ড্ৰাগছ ইন্সপেক্টৰৰ ঘৰত উদ্ধাৰ হ’ল নগদ ধনৰ বিশাল পাহাৰ। ভিজিলেন্স বিভাগে চলোৱা অভিযান কালত ড্ৰাগছ ইন্সপেক্টৰৰ ঘৰৰ ছোফা, বিচনা, গাড়ীৰ চিট সকলোৰে পৰা উদ্ধাৰ হ’ল কেৱল টকাৰ বাণ্ডিল।

উল্লেখ্য যে, বিহাৰৰ ৰাজধানী পাটনাৰ চুলতানগঞ্জ আৰক্ষী থানা এলেকাত অৱস্থিত ড্ৰাগছ পৰিদৰ্শক জীতেন্দ্ৰ কুমাৰৰ বাসগৃহত শনিবাৰে অভিযান চলায় ভিজিলেন্সৰ দলে। জীতেন্দ্ৰ কুমাৰৰ বাসগৃহৰ উপৰিও ভিজিলেন্সৰ দলটোৱে খান মিৰ্জা এলেকাকে ধৰি ৪টা স্থানত অভিযান চলায়।

image 229
বেজৰ নাকতে খৰ! ড্ৰাগছ ইন্সপেক্টৰৰ ঘৰত ওলাল কোটি কোটি টকা 4

অসামান্য সম্পত্তিৰ অভিযোগত চলোৱা এই অভিযানত ড্ৰাগছ পৰিদৰ্শক জীতেন্দ্ৰ কুমাৰৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় কেইবা কোটি টকা নগদ ধনৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰ। ভিজিলেন্সে জীতেন্দ্ৰ কুমাৰৰ ঘৰৰ পৰা অবৈধভাৱে ক্ৰয় কৰা মাটিৰ নথি পত্ৰও উদ্ধাৰ কৰে।

image 228
বেজৰ নাকতে খৰ! ড্ৰাগছ ইন্সপেক্টৰৰ ঘৰত ওলাল কোটি কোটি টকা 5

জানিব পৰা মতে, ডিএছপি সুৰেন্দ্ৰ কুমাৰ মৌৰৰ নেতৃত্বত এই অভিযান চলায় ভিজিলেন্স বিভাগৰ দলটোৱে। এই অভিযানৰ সময়ত দলটোৱে কোটি কোটি টকাৰ অবৈধ সম্পত্তি উদ্ধাৰ কৰাৰ কথা প্ৰকাশ কৰিছে।

image 230
বেজৰ নাকতে খৰ! ড্ৰাগছ ইন্সপেক্টৰৰ ঘৰত ওলাল কোটি কোটি টকা 6

একে সময়তে ভিজিলেন্স বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, মুঠ স্থানসমূহত অভিযান চলাই জব্দ কৰা সম্পত্তিৰ মূল্যায়ন কৰা হৈছে। বিষয়াগৰাকীয়ে জনোৱা মতে, অভিযুক্তৰ ঘৰৰ পৰা ৩ কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰা হৈছে।