খিৰিকীত চৰাইৰ খুন্দা, মুখ্যমন্ত্ৰী যােগীৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ

নিউজ ডেস্ক। চৰাইৰ খুন্দাৰ বাবে জৰুৰী অৱতৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যােগী আদিত্যনাথৰ হেলিকপ্টাৰৰ।

বাৰাণসীৰ পৰা উৰণৰ ঠিক পিছতেই জৰুৰীকালীন অৱতৰণ কৰে মুখ্যমন্ত্ৰী যােগী হেলিকপ্টাৰে।

ইয়াৰ পিছতে আন এখন হেলিকপ্টাৰেৰে লক্ষ্ণৌলৈ যাত্ৰা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

G1 24
খিৰিকীত চৰাইৰ খুন্দা, মুখ্যমন্ত্ৰী যােগীৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ 2

জানিব পৰা মতে, লক্ষ্ণৌ অভিমুখী হেলিকপ্টাৰখন উৰা মৰাৰ পিছতে এটা চৰাইৰ খিৰিকীত খুন্দা মাৰে।

ইয়াৰ পিছতে পাইলটে হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণৰ কৰে।

জিলা দণ্ডাধীশ কৌশলৰাজ শৰ্মাই এই ঘটনা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে।

উল্লেখ্য যে শনিবাৰে বাৰাণসীলৈ অহা যোগী আদিত্যনাথে কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰিছিল।