মুখ্যমন্ত্ৰীলৈ নিঃস্বাৰ্থ মৰম! বানত ডুব গৈ থকা ঘৰৰ মাজৰ পৰা আহি যাচিলে মণিপুৰী গামোচা…

কাছাৰত অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি।

ঘৰবাৰী সৰ্বস্ব বানত ডুব যোৱাৰ ফলত এতিয়া এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে সাধাৰণ জনতাই।

বৰ্তমানেও পানীত ডুব গৈ আছে সমগ্ৰ শিলচৰ চহৰ।

দেওবাৰে পুৱাই পুনৰ শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

প্ৰশাসনৰ লোকৰ সৈতে নাৱত উঠি চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইয়াৰ মাজতে দেখিবলৈ পোৱা গ’ল মুখ্যমন্ত্ৰীলৈ থকা মানুহৰ মৰম।

বানত ককবকাই থকা এজন যুৱকে দেখুৱালে মুখ্যমন্ত্ৰীলৈ থকা নিঃস্বাৰ্থ মৰমৰ প্ৰমাণ।

বানত ডুব গৈ থকা ঘৰৰ মাজৰ পৰা সাঁতুৰি আহি যাচিলে মণিপুৰী গামোচা।

শিলচৰত এজন বন্যাৰ্তৰ এই নিভাঁজ মৰমত আৱেগিক কৰি তোলে মুখ্যমন্ত্ৰীগৰাকীক।

লগতে যুৱকজনক কেতিয়াবা একেলগে বহি চাহ একাপ খোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

টুইটাৰত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোৰ পৰা জানিব পৰা মতে, যুৱকজন শিলচৰ মেডিকেল কলেজৰ এজন ছাত্ৰ।