বেজৰ নাকতে খৰ! আৰক্ষীয়ে জব্দ কৰা অবৈধ কফছিৰাপ গোপনে বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কনিষ্টবল…

নিউজ ডেস্কঃ আৰক্ষীৰ অভিযানত জব্দ হোৱা অবৈধ কফছিৰাপ গোপনে বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ এজন আৰক্ষী কনিষ্টবল।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গোলকগঞ্জৰ ছাগলীয়াত।

জব্দকৃত কফছিৰাপ গোপনে বিক্ৰীৰ অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পিছতে দেওবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কনিষ্টবল টাইমুৰ আলী সৰকাৰক।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছাগলীয়া আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল বুজন পৰিমাণৰ কফছিৰাপ।

আৰক্ষীয়ে জব্দ কৰি মজুত কৰি ৰখা এক কাৰ্টন কফছিৰাপ গোপনে বিক্ৰী কৰিছিল কনিষ্টবল টাইমুৰ আলী সৰকাৰে।

ইফালে জিলা আৰক্ষী অধীক্ষকৰ তদন্তত এই কাণ্ড পোহৰলৈ অহাৰ পিছতে যোৱা ২৮ ফেব্ৰুৱাৰীত ৰিজাৰ্ভ ক্ল’জ কৰা হয় অভিযুক্ত কনিষ্টবলজনক।

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখি অভিযোগ সত্য প্ৰমাণিত হোৱাত দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় টাইমুৰ আলী সৰকাৰক।