ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাত পতিত বিগ বি অমিতাভ বচ্চন! গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত…

নিউজ ডেস্কঃ ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে দুৰ্ঘটনাৰ সন্মুখীন বলিউডৰ বিগ বি অমিতাভ বচ্চন।

হায়দৰাবাদত তেওঁৰ আহিবলগীয়া ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত হয় মেগাষ্টাৰগৰাকী।

উল্লেখ্য যে, অমিতাভ বচ্চনৰ আহিবলগীয়া ছবি ‘প্ৰজেক্ট কে’ দৃশ্যগ্ৰহণ চলি আছে হায়দৰাবাদত।

দেওবাৰে ছবিখনৰ এটা একশ্যন চিকুৱেন্সৰ দৃ্শ্যগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী।

তেওঁ কঁকালত আৰু মাংস পেশীত আঘাত পোৱাত ততাতৈয়াকৈ হায়দৰাবাদৰ এআইজি হাস্পতাললৈ লৈ যোৱা হয়।

তাত চিকিৎসকৰ দ্বাৰা চিকিৎসা গ্ৰহণৰ পিছতে পুনৰ মুম্বাইলৈ উভতি আহে তাৰকা অভিনেতাগৰাকী।

ইফালে বিগ বিৰ আঘাতৰ বাবে ছবিৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হৈছে।

মেগাষ্টাৰ বচ্চনৰ দুৰ্ঘটনাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে তেওঁৰ অনুৰাগীক।

উল্লেখ্য যে, দক্ষিণৰ চলচ্ছিত্ৰ নিৰ্মাতা নাগা অশ্বিনৰ দ্বাৰা পৰিচালিত ‘প্ৰজেক্ট কে’ ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চনৰ উপৰিও প্ৰভাষ, দিপীকা পাডুকন আৰু দিশা পাটানিৰ দৰে তাৰকাই।

অহা বছৰৰ জানুৱাৰী মাহত এই ছবিখন মুক্তিলাভৰ কথা।