লোমহৰ্ষক! আৰক্ষীৰ বাহনত আত্মঘাতী বোমাৰুৰ আক্ৰমণ, ৯ জোৱান নিহত, আহত ১৬ জন…

নিউজ ডেস্কঃ অৰ্থনৈতিক মণ্ডাৱস্থা, আকাশলংঘী মূল্যবৃদ্ধি আৰু অসন্তুলিত প্ৰশাসন ব্যৱস্থাৰ মাজতে পাকিস্তানত আত্মঘাতী বিস্ফোৰণত নিহত ৯ জনকৈ পাক আৰক্ষী জোৱান।

সোমবাৰে দক্ষিণ-পশ্চিম পাকিস্তানত আৰক্ষীৰ এখন বাহনত সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণত ৯ জন জোৱান নিহত হোৱাৰ বিপৰীতে আন ১৬ জন গুৰুতৰভাৱে আহত হয়।

পাক আৰক্ষীৰ জ্যেষ্ঠ বিষয়া আব্দুল হাই আমিৰে জানিবলৈ দিয়া মতে, আত্মঘাতী বোমাৰুজনে মটৰ বাইকেৰে আহি পিছফালৰ পৰা আৰক্ষীৰ ট্ৰাকখনত খুন্দা মাৰে।

বেলুচিস্তানৰ কুৱেটাৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত কাছি জিলাৰ মূল চহৰ ধদৰত সংঘটিত হয় এই ঘটনা।

কাছি জিলাৰ আৰক্ষী অধীক্ষক মেহমুদ নোটেজাইয়ে জানিবলৈ দিয়া মতে, আক্ৰমণ সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ দলটোৱে বিগত এসপ্তাহ ধৰি অনুষ্ঠিত হোৱা গৰু প্ৰদৰ্শনী অনুষ্ঠানৰ নিৰাপত্তাত নিয়োজিত হৈ থাকি উভতি আহিছিল।

এই আত্মঘাতী আক্ৰমণৰ আঁৰত কোন সেয়া এতিয়াও স্পষ্ট নহয় যদিও একাংশ পাক সংবাদ মাধ্যমে এই আক্ৰমণৰ আঁৰত তালিবান জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে।