বেংক লুটিবলৈ হোৱা দুৰ্ধৰ্ষ ডকাইতৰ দলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ, এজন নিহত, দুজনক আটক

নিউজ ডেস্কঃ ঝাৰখণ্ডৰ ধনবাদত এটা বেংকত বৃহৎ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰিলে আৰক্ষীয়ে। বেংকত লুট চলাবলৈ অহা এটা ডকাইতৰ দলৰ এজন সদস্যক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন দুজনক কৰায়ত্ত কৰে। অৱশ্যে সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় আন দুজন দুৰ্ধৰ্ষ ডকাইত।

photo1662458523
বেংক লুটিবলৈ হোৱা দুৰ্ধৰ্ষ ডকাইতৰ দলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ, এজন নিহত, দুজনক আটক 4

জানিব পৰা মতে, মঙলবাৰে পুৱা সংঘটিত এই এই ঘটনা। ধনবাদৰ বেংক ম’ৰত অৱস্থিত গুৰুদ্বাৰৰ সন্মুখৰ মুথুট ফিনকৰ্প গোল্ড লোনৰ কাৰ্যালয়ত ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ আহিছিল ৫ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে।

photo1662458581
বেংক লুটিবলৈ হোৱা দুৰ্ধৰ্ষ ডকাইতৰ দলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ, এজন নিহত, দুজনক আটক 5

ইফালে এই ডকাইতি কাণ্ডৰ খবৰ লাভ কৰিয়েই বেংক ম’ৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পিকে সিঙে আৰক্ষীৰ দলসহ ঘটনাস্থলীত উপস্থিত হৈ ডকাইতৰ দলটোক বাধা প্ৰদান কৰে।

photo1662458657
বেংক লুটিবলৈ হোৱা দুৰ্ধৰ্ষ ডকাইতৰ দলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ, এজন নিহত, দুজনক আটক 6

সেই সময়ত ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীবৰ্ষণ কৰাত নিহত হয় এজন দুৰ্ধৰ্ষ ডকাইত। আৰক্ষীয়ে আন দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আন দুজনে পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা পিষ্টল উদ্ধাৰ কৰিছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বিগত কিছুদিনত ধনবাদৰ বিভিন্ন অঞ্চলত সৰু-বৰ কেইবাটাও ডকাইতি কাণ্ড সংঘটিত হৈছে। আজি বেংক লুট কৰিবলৈ অহা ডকাইতৰ দলটোৱে তেনে ডকাইতি কাণ্ডৰ সৈতে জড়িত আছিল নেকি, সেয়া নিশ্চিত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।