কেবিনেট সিদ্ধান্ত- শীঘ্ৰেই প্ৰকাশ পাব নিযুক্তিৰ বিজ্ঞাপন, নতুনকৈ ৫০ লাখ লোকক দিয়া হ’ব বিনামূলীয়া চাউল…

মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হৈছে-

নিবনুৱাৰ বাবে পুনৰ ভাল খবৰ আনিছে ৰাজ্য চৰকাৰে।

অসম চৰকাৰৰ ১০ হাজাৰ নতুন নিযুক্তিৰ বাবে প্রকাশ পাব বিজ্ঞাপন।

নতুনকৈ ৫০ লাখ লোকক দিয়া হ’ব বিনামূলীয়া চাউল।

অৰুণোদয় আঁচনিৰ বাতিল কৰা হ’ব ৬২ হাজাৰ পৰিয়ালক।

৪৮ খন পুৰণি আইন বাতিলৰ সিদ্ধান্ত।

২২ ছেপ্তেম্বৰত ১২ হাজাৰক নতুনকৈ স্থায়ী পদত নিযুক্তি।

১০খন কলেজ প্রাদেশিকীকৰণৰ অনুমতি BTR প্রশাসনক।

বড়ো মাধ্যমৰ PG-এ সংৰক্ষণ বিহীন কোটাত চাকৰি লাভ কৰিব।

পথ নিৰ্মাণৰ বাবে BTRক অতিৰিক্ত ২৫০ কোটি টকা।

দ্বাদশ শ্রেণীলৈ বড়ো মাধ্যমৰ বিদ্যালয়।

২৩ ছেপ্তেম্বৰত ৪,৫০০ জলমিত্রক নিযুক্তি,৬ হাজাৰ টকাকৈ দিয়া হ’ব দৰমহা।

মাহিলী ৬ হাজাৰ টকাকৈ জলমিত্রক দৰমহা প্রদান কৰা হ’ব।

BTR-এ প্ৰাদেশিকীকৰণ কৰিব ১০ খন কলেজ অহা মহাত পুনৰ ১০ হাজাৰ নিবনুৱালৈ চাকৰি।

অহা বৰ্ষৰ পৰা ১০০ জন শিক্ষাৰ্থীক লৈ পাঠ্যক্ৰম আৰম্ভ হ’ব কোকৰাঝাৰ মেডিকেল কলেজত

আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্রহণ।

ডিছট্রিক্ট পুলিচ একাউণ্টেবিলিটী কমিছন গঠনৰ সিদ্ধান্ত।

২৪, ২৫, ২৬ ছেপ্তেম্বৰত কাজিৰঙাত মন্ত্রী, বিধায়ক, বিষয়াৰ চিন্তন শিবিৰ।

বছৰত এবাৰ বা দুবাৰকৈ চিন্তন শিবিৰ অনুষ্ঠিত হ’ব।

শীঘ্রেই ১০ হাজাৰ নতুন নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ পাব। ইয়াৰে ৫ হাজাৰ পদ APDCLৰ হ’ব।

এটা নতুন ফ’ৰেষ্ট বেটেলিয়ন সৃষ্টি কৰা হ’ব।

অৰুণোদয় মাহত দুহেজাৰ ব্যক্তিয়ে এই আঁচনি ত্যাগ কৰিছে।