জেহাদীৰ বিৰুদ্ধে ৰাইজৰ জেহাদ, ৰাইজে নিজেই উচ্ছেদ কৰিলে মাদ্ৰাছাসহ জেহাদীৰ বাসগৃহ…

জেহাদীৰ বিৰুদ্ধে ৰাইজৰ জেহাদ।

গােৱালপাৰাত ৰাইজে নিজে উচ্ছেদ কৰিলে মাদ্ৰাছাসহ জেহাদীৰ বাসগৃহ।

গোৱালপাৰাৰ পাখিউৰা চৰৰ দাৰগাৰ আলগা মাদ্রাছাৰ লগতে লাগি থকা জেহাদীৰ বাসগৃহ উচ্ছেদ কৰিলে স্থানীয় ৰাইজে।

৫টা কৈ জেহাদী উক্ত বাসগৃহটোত আশ্ৰয় লৈ চলাইছিল জেহাদী কাৰ্যকলাপ।

ধৃত জেহাদ জামালুদ্দিনে স্থাপন কৰিছিল এই বাসগৃহটো।

ইতিমধ্যে দাৰোগা আলগা মছজিদৰ ইমামক বঙাইগাঁও আৰক্ষী আৰু জালালউদ্দিনক গোৱালপাৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে।

উক্ত বাসগৃহটোতে পশ্চিমবংগৰ দুই জেহাদীয়ো শিক্ষক ৰূপে থাকি জেহাদীৰ কাম চলাইছিল। সম্প্ৰতি পশ্চিম বংগৰ দুই জেহাদী পলাতক।

উল্লেখ্য যে, গোৱালপাৰা আৰক্ষীয়ে শেহতীয়াভাৱে ৫ জনকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।