বেংকিং খণ্ডৰ লোভনীয় চাকৰি ত্যাগ কৰি পদপথত চাহ বিক্ৰী কৰা কোন এই নীহাৰিকা ওজা…

নিউজ ডেস্কঃ বেংকিং খণ্ডৰ লোভনীয়া চাকৰি ত্যাগ কৰি পদপথত চাহৰ দোকান দিন নিজক প্ৰতিষ্ঠা কৰাৰ যুদ্ধত নামি পৰিছে এগৰাকী যুৱতী। উচ্চশিক্ষিত যুৱতীগৰাকীয়ে এতিয়া পদপথত দৈনিক বিক্ৰী কৰে ৩-৪ হাজাৰ টকাৰ চাহ।

সৰু কাম কৰি ডাঙৰ সপোন দেখা এই যুৱতীগৰাকী হৈছে ওদালগুৰি জিলাৰ নীহাৰিকা ওজা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নীহাৰিকাই বেংকিং খণ্ডত সহকাৰী প্ৰৱন্ধকৰ দৰে চাকৰি লাভ কৰাৰ পিছতো সেই চাকৰি ত্যাগ কৰিছিল। আনকি শিক্ষা ক্ষেত্ৰৰ সৈতেও কিছুদিন জড়িত হৈও নিজৰ সপোন বাস্তবায়িত কৰাৰ লক্ষ্যৰে এদিন আৰম্ভ কৰিছিল চাহৰ দোকান।

photo1662810831
বেংকিং খণ্ডৰ লোভনীয় চাকৰি ত্যাগ কৰি পদপথত চাহ বিক্ৰী কৰা কোন এই নীহাৰিকা ওজা… 2

ওদালগুৰিৰ ভেৰগাঁও মহকুমাৰ অন্তর্গত শৈক্ষিক, বাণিজ্যিক, সাংস্কৃতিক আৰু বৌদ্ধিক নগৰৰূপে পৰিচিত টংলাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ‘ৰোমন্থন’ নামেৰে এখন চাহৰ দোকান আৰম্ভ কৰে নীহাৰিকাই। গ্ৰাহকক বিভিন্ন ধৰণৰ চাহৰ সোৱাদ দিয়াৰ লগতে অসমৰ পৰম্পৰাগত পিঠা-লাড়ুৰ পৰা পিজ্জা-বাৰ্গাৰলৈকে সকলোবোৰ উপলব্ধ নীহাৰিকাৰ ‘ৰোমন্থন’ত।

লাহে লাহে অঞ্চলটোত অতি জনপ্ৰিয় হৈ পৰা নীহাৰিকাৰ ‘ৰোমন্থন’ এতিয়া চাহপ্ৰেমী সকলৰ বাবে এটা পৰিচিত নাম হৈ পৰিছে। উচ্চ শিক্ষিত যুৱতীগৰাকীৰ পদপথৰ দোকানখনত পুৱা ৯ বজাৰ পৰা নিশা ১০ বজালৈকে দৈনিক ভিৰ লাগে গ্ৰাহকৰ।

চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চাকৰিৰ পিছত নদৌৰি আত্মনিৰ্ভৰশীল হোৱা নীহাৰিকা ওজা এতিয়া অঞ্চলটোৰ আন বহু যুৱক-যুৱতীৰ বাবেও প্ৰেৰণা হৈ পৰিছে।