অসম

ভিক্টৰ দাসৰ সকলো তথ্য মিছা, ফেচবুক-টুইটাৰত লিখা সকলো কথাই সঁচা নহয়ঃ আৰক্ষী আয়ুক্ত

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ প্ৰসংগত আৰক্ষী আয়ুক্ত আৰু যুটিয়া আৰক্ষী আয়ুক্তৰ সংবাদ মেল সম্বোধন।

ভিক্টৰ দাসে দিয়া মন্তব্যৰ ওপৰত কোনো প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে।

প্ৰাক্তন বিধায়কৰো কোনো তথ্য দিব নোৱাৰিলে দাসে। তেওঁ দাঙি ধৰা অভিযোগ মিছা।’

মানুহৰ মাজত সংকাৰ সৃষ্টি কৰিব খুজিছিল ভিক্টৰে সেইবাবে পানবজাৰ থানাত ৰোজু কৰা হৈছে গোচৰ।

ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছিল ভিক্টৰে।

সংবাদমেলত এই কথা সদৰি কৰিছে CP হৰমিট সিং আৰু JCP পাৰ্থ সাৰথি মহন্তই।

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতেই আৰক্ষীয়ে সংবাদমেলৰ আয়োজন কৰি কয়- ছছিয়েল মিডিয়াত লিখিলেই সকলো কথা সঁচা নহয়, ভিক্টৰে মিছাৰ আশ্ৰয় লৈছে। ভিক্টৰ দাসে টুইটাৰত কোৱা কোনো কথাই সঁচা নহয়, সকলো মিছা বুলি প্ৰমাণ হৈছে। উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁ এই কাম কৰিছে, সকলো কথাই এতিয়া সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে লগতে ইয়াকো কয় যে, কোনো প্ৰাক্তন বিধায়কৰ নাম ভিক্টৰে উল্লেখ কৰিব নোৱাৰিলে, ভিক্টৰ দাসৰ ইউটিউব চেনেলৰ ওপৰতো তদন্ত চলাব আৰক্ষীয়ে।

আৰক্ষী আয়ুক্তই শেষত ইয়াকো কয় যে, তদন্ত প্ৰক্ৰিয়াত যদি এতিয়াও কোনো লোক উলাই, আৰক্ষীৰ ওচৰলৈ আহিব পাৰে, অভিযোগ দিবলৈ কোনো লোকে ভয় খোৱাৰ প্ৰয়োজন নাই।