অনন্য উদ্ভাৱনেৰে জিলিকিছে উপাসনা, কলৰ পৰা প্ৰস্তুত কৰিলে আটাগুৰিৰ বিকল্প..

নিউজ ডেস্কঃ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে কলৰ পৰা আটাতাগুৰিৰ বিকল্প প্ৰস্তুত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ এঘৰাকী ছাত্ৰীয়ে।

ছাত্ৰীগৰাকীয়ে কৰা উদ্ভাৱনে ইতিমধ্যে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱন প্ৰতিযোগিতাৰ শীৰ্ষ ১০ত। ছাত্ৰীগৰাকী হৈছে নাৰায়ণপুৰৰ খেৰাজখাত চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী উপাসনা বৰুৱা।

photo1662812183
অনন্য উদ্ভাৱনেৰে জিলিকিছে উপাসনা, কলৰ পৰা প্ৰস্তুত কৰিলে আটাগুৰিৰ বিকল্প.. 2

উপসনাই ভীম কল, কাঁচ কল, চেনীচম্পা, জাহাজী কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰিছে আটাগুৰিৰ বিকল্প।

ইতিমধ্যে উপাসনৰ এই উদ্ধাৱনে মহিলা উদ্ভাৱন আৰু বহনক্ষমতাৰ বাবে ইয়াৰ প্ৰসাৰৰ প্ৰদৰ্শনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীৰ এই সফলতাৰ বাবে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানৰ লগতে বিভিন্ন জনে অভিন্দন জ্ঞাপন কৰিছে।