
বুলড’জাৰ চলা মাদ্ৰাছাৰ স্থানত নিৰ্মাণ কৰা হ’ব মডেল স্কুলঃ ঘোষণা মুখ্যমন্ত্ৰীৰ…
নিউজ ডেস্কঃ চৰকাৰ আৰু ৰাইজে মিলি বুলড’জাৰ চলোৱা মাদ্ৰাছাৰ ঠাইত নিৰ্মাণ হ’ব মডেল স্কুল।
সোমবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীত উপস্থিত হৈ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
উল্লেখ্য যে, যোৱা ৩১ আগষ্টত কাবাইটাৰীৰ স্থানীয় ৰাইজ আৰু চৰকাৰে জেহাদী কাৰ্যকলাপৰ অভিযোগত ভাঙি পেলাইছিল মাদ্ৰাছাখন।
সেই মাদ্ৰাছাখনৰ স্থানতে এতিয়া এতিয়া এখন মডেল স্কুল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান কৰা হ’ব এই মডেল স্কুলখনত।
মডেল স্কুলত শ্ৰেণী সংযোগ সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতেও আলোচনা কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।





