অৱশেষত সন্ধাল ওলাল শিলচৰৰ পৰা অপহৃত চেলিম উদ্দিনৰ…

নিউজ ডেস্কঃ অৱশেষত সন্ধান ওলাল শিলচৰৰ পৰা সন্ধানহীন হৈ থকা চেলিম উদ্দিন বৰভূঞাৰ।

চুবুৰীয়া ৰাজ্য মিজোৰামৰ ভাইৰেংটেৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত ব্যক্তিজনক।

উল্লেখ্য যে, কৰিমগঞ্জৰ বদৰপুৰঘাটৰ নিৱাসী চেলিম উদ্দিন বৰভূঞাক অস্ত্ৰধাৰী দুৰ্বৃত্তই শিলচৰৰ সোণাই পথৰ পৰা অপহৰণ কৰিছিল।

ব্যক্তিজনৰ অপহৰণ সন্দৰ্ভত পৰিয়ালৰ লোকে ৰঙাৰখাৰী আৰক্ষী আউটপোষ্টত দাখিল কৰা এজাহাৰৰ ভিত্তিত পৰৱৰ্তী সময়ত অনুসন্ধান চলায় আৰক্ষীয়ে।

তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই মিজোৰামৰ পৰা সোঁশৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চেলিমক।

অৱশ্যে ব্যক্তিজনৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।

কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মহত্তই জানিবলৈ দিয়া মতে, অপহৰণকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।