আলফা(স্বাঃ)ৰ শিবিৰত নতুনকৈ যোগদান কৰা যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু…

আলফা (স্বাঃ)ৰ শিবিৰত মৃত্যু নতুনকৈ যোগদান কৰা সদস্যৰ।

যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসমৰ মৃত্যু।

যুগল শৰ্মাৰ মৃত্যুক লৈ শোকৰ ছাঁ পৰিছে মহানগৰীৰ নুনমাটি কেন্দুগুৰি অঞ্চলত।

সংগঠনটোৰ ৮৬নং গোটৰ নৱাগত সদস্যগৰাকী একাধিক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা বুলি সংগঠনটোৰ ফালৰ পৰা জনোৱা হৈছে।

নৱাগত সদস্যগৰাকী যুগল শৰ্মা ওৰফে প্ৰাইভেট দীপক অসম।

যোৱা ৪ ডিচেম্বৰত চিকিত্‍সাধীন অৱস্থাত তেওঁ মৃত্যুবৰণ কৰে বুলি তথ্য প্ৰকাশ কৰা হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত শৰ্মাই আলফাত যোগদান কৰিছিল।

এই সন্দৰ্ভত এক শোকবাৰ্তাযোগে আলফা স্বাধীনে উল্লেখ কৰে- ‘অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰৰ জাতীয় মুক্তি বিপ্লৱত তেখেতে যোগদান কৰি স্বদেশ আৰু স্বজাতিৰ প্ৰতি প্ৰেমৰ যি চানেকি ৰচি থৈ গ’ল, তাৰ বাবে সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) সংগঠনৰ তৰফৰ পৰা তেখেতক অমৰ মৃতক ঘোষণা কৰা হ’ল।’