অসমীয়াঅসম

‘বুম্বা ৰাইড’ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনলৈ পৌৰ নিগমৰ কাৰণ দৰ্শোৱাৰ জাননী

নিউজ ডেস্কঃ চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত সততে সৰৱ হৈ অহা ব্যৱসায়ী, ছবি প্ৰযোজক লুইত কুৰ্মাৰ বৰ্মন এতিয়া চৰকাৰৰ ৰোষত পৰিছে।

গুৱাহাটীৰ হাতীগাঁৱৰ বনফুল নগৰত অবৈধভাৱে আৰচিচি, আছাম টাইপৰ ঘৰ নিৰ্মাণ কৰাৰ অভিযোগত পৌৰ নিগমে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে লুইত কুমাৰ বৰ্মনক। বৰ্মনক ৭ দিনৰ ভিতৰত জাননীৰ উত্তৰ প্ৰদানৰ বাবে নিৰ্দেশ দিয়া হৈছে।

image 147

বি্‌শিষ্ট যুৱ ব্যৱসায়ীজনৰ বিৰুদ্ধে বনফুল নগৰত অবৈধভাৱে চতুৰ্থ মহলা নিৰ্মাণ কৰাৰ লগতে নিৰ্মাণৰ নক্সা সালসলনি কৰাৰ অভিযোগ উত্থাপন হৈছে।

তদুপৰি ভৱনৰ কাষত থকা বাধ্যতামূলক খালী স্থানতো অবৈধ নিৰ্মাণৰ অভিযোগ উঠিছে লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে।

image 148

জানিব পৰা মতে, যোৱা ৯ মে’ত পৌৰ নিগমে বৰ্মনক জাননী প্ৰেৰণ কৰিছিল যদিও সেই জাননীৰো উত্তৰ নিদিয়াৰ অভিযোগ উঠিছে। যাৰ বাবে জাননীৰ উত্তৰ নাপালে বা উত্তৰ সন্তুষ্টিজনক নহ’লে নিৰ্বান বন্ধ বা জব্দ কৰা হ’ব বুলি ঘোষণা কৰিছে পৌৰ নিগমে।

তদুপৰি ১৯৭১ চনৰ পৌৰ আইনৰ ৩৩৭ (৩) ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণৰো সকিয়নী প্ৰদান কৰিছে পৌৰ নিগমে।

https://youtube.com/watch?v=sQ8ibaQVs5o

অৱশ্যে সামাজিক মাধ্যমত পোষ্ট কৰি লুইত কুমাৰ বৰ্মনে পৌৰ নিগমৰ পৰা কোনো জাননী লাভ নকৰা বুলি মন্তব্য কৰে।

উল্লেখ্য যে, কাঁন চলচ্ছিত্ৰ মহোৎসৱত এইবাৰ প্ৰদৰ্শিত হৈছে লুইত কুমাৰ বৰ্মন প্ৰযোজিত ‘বুম্বা ৰাইড’। এই সময়তে চলা ৰেড কাৰ্পেট বিতৰ্কক লৈ সৰৱ হৈ পৰিছিল লুইত কুমাৰ বৰ্মন।

Leave a Reply

Your email address will not be published. Required fields are marked *