অসম

প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেই দাই সাহিত্য বঁটা…

অসম সাহিত্য সভাৰ ২০২১ বৰ্ষৰ লুম্মেই দাই সাহিত্য বঁটা ঘোষনা।

প্ৰসিদ্ধ সাহিত্যিক য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেই দাই সাহিত্য বঁটা।

সাহিত্য অঁকাডেমী বঁটা প্ৰাপক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংচিলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা অসম সাহিত্য সভাৰ।

অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কার্যালয়ৰ উদ্যোগত আৰু মঙলদৈ জিলা সাহিত্য সভা তথা মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অহা ১ জুনত আয়োজিত বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

এই ঘোষনা কৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই ।

image 149

অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শ‍ইকীয়াৰ সভাপতিত্বত হ’বলগীয়া এই বঁটা প্রদান অনুষ্ঠানত ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট লেখক-সাহিত্যিক অতিথিৰূপে উপস্থিত থাকিব।

এই বঁটাত স্মাৰক, সম্বর্ধনাপত্র, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনাবস্ত্ৰ আৰু ২৫ হেজাৰ টকাৰ চেক প্রদান কৰা হ’ব।

উল্লেখ্য যে প্ৰতি দুবছৰৰ অন্তৰত প্ৰদান কৰি অহা এই বঁটা পূর্বে বিশিষ্ট লেখক-সাহিত্যিক ক্রমে স্বৰ্ণ বৰা, বসন্ত দাস, কেংছাম কেংলাং, দিলীপ বৰা, তিলোত্তমা মিশ্ৰ আৰু পদ্মশ্ৰী ৰংবং তেৰাঙে লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *