অসম

আচৰিত! কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে বাতিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা…

ৰাজ্যত শুক্ৰবাৰে ঘোষণা কৰা হয় অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন সূচী।

বানপানীৰ বাবে স্থগিত ৰখা হৈছিল অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।

নতুন সূচী অনুসৰি অহা ৬, ৭ আৰু ৮ জুনত অনুষ্ঠিত হ’ব প্ৰথম বৰ্ষৰ পৰীক্ষা।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক নিৰ্দেশনাৰ জৰিয়তে পৰীক্ষাৰ দিন ঘোষণা কৰে।

ইয়াৰ মাজতে শিক্ষা বিভাগে সংঘটিত কৰে এক আজৱ কাণ্ড।

কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে বাতিল কৰা হ’ল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুটীকৈ পৰীক্ষা।

৭ আৰু ৮ জুনত অনুষ্ঠিত হ’ব লগা পৰীক্ষা বাতিল কৰাৰ ঘোষণা পৰীক্ষা নিয়ন্ত্ৰকৰ।

পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে আনুষ্ঠানিকভাৱে এই নিৰ্দেশনা প্ৰদান কৰে।

ইপিনে ৬ জুনৰ পৰীক্ষা সূচীমতে হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা যোৱা ১৮, ২০ আৰু ২১ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাবে পৰীক্ষা স্থগিত ৰাখিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *