বিয়ালৈ মাজত মাত্ৰ এমাহ! তাৰ পূৰ্বে চুলি সংৰোপণ কৰি প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে

নিউজ ডেস্ক। বিয়ালৈ মাজত আৰু মাত্ৰ এটা মাহ। ধুমধামেৰে বিয়াখন পতাৰ হেঁপাহ আছিল তেওঁৰো। কিন্তু বিয়াৰ পূৰ্বে নিজকে অলপ সজাই তোলাৰ ইচ্ছা জাগিছিল মনত।

বিশেষকৈ নিজৰ তপা মূৰটো দেখি নিজেই হীনমন্যতাত ভুগা মনোৰঞ্জনে বিয়াৰ পূৰ্বে চুলি সংৰোপণৰে নিজকে অলপ দেখনিয়াৰ কৰিব বিচাৰিছিল।

সিদ্ধান্ত অনুসৰি যোৱা ৯ মাৰ্চত এখন চিকিৎসালয়ত চুলি সংৰোপণ কৰে মনোৰঞ্জন পাছৱানে। কিন্তু ইয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰচণ্ড মূৰ আৰু বুকুৰ বিষত প্ৰাণ হেৰুৱাবলগীয়া হয় তেওঁ।

p1 9
বিয়ালৈ মাজত মাত্ৰ এমাহ! তাৰ পূৰ্বে চুলি সংৰোপণ কৰি প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে 5

এই শোকাবহ ঘটনা বিহাৰৰ ৰাজধানী পাটনাৰ।

বিহাৰৰ বিশেষ সহস্ত্ৰ আৰক্ষীৰ জোৱান মনোৰঞ্জন পাছৱানক বিয়া সম্পন্ন হোৱাৰ কথা আছিল অহা ১১ মে’ত। তপা হোৱা বাবে কেতিয়াবা হীনমন্যতাত ভুগা আৰক্ষী জোৱানজনে অৱশেষত চুলি সংৰোপণৰ বাবে পাটনাৰ বোৰিং ৰোডৰ হেয়াৰ ট্ৰান্সপ্লান্ট এণ্ড স্কিন কেয়াৰ চেণ্টাৰৰ কাষ চাপিছিল।

৯ মাৰ্চ, বুধবাৰে মনোৰঞ্জন পাছৱানৰ চুলি সংৰোপণ কৰা হয়।

p3 4
বিয়ালৈ মাজত মাত্ৰ এমাহ! তাৰ পূৰ্বে চুলি সংৰোপণ কৰি প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে 6

চুলি সংৰোপণৰ পিছত মনোৰঞ্জন পাছৱান তেওঁৰ আৰক্ষী আৱাসলৈ উভতি আহে। নিশা যেতিয়া তেওঁ শুবলৈ যায়, তেতিয়া প্ৰচণ্ড মূৰৰ বিষ হোৱাৰ বিষয়ে সহকৰ্মীসকলক অৱগত কৰে।

লগে লগে তেওঁক সহকৰ্মীসকলে ট্ৰান্সপ্লান্ট এণ্ড স্কিন কেয়াৰ চেণ্টাৰলৈ লৈ যায় য’ত তেওঁ চুলি সংৰোপণ কৰা হৈছিল। কিন্তু চিকিৎসালয়খনৰ চিকিৎসকে আৰক্ষী জোৱানজনক পৰৱৰ্তী সময়ত ৰুবান মেম’ৰিয়েল হাস্পতাললৈ প্ৰেৰণ কৰে। আৰু তাতেই চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে মনোৰঞ্জন পাছৱানৰ।

p2 7
বিয়ালৈ মাজত মাত্ৰ এমাহ! তাৰ পূৰ্বে চুলি সংৰোপণ কৰি প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে 7

ৰুবান মেম’ৰিয়েল হাস্পতালৰ চিকিৎসক ডাঃ এ কে সিঙে জানিবলৈ দিয়া মতে, জোৱানজনক সংকটজনক অৱস্থাত অনা হৈছিল। তাত, প্লাষ্টিক চাৰ্জন, কাৰ্ডিয়াক চাৰ্জন, আভ্যন্তৰীণ ঔষধ আৰু আইচিইউৰ সকলো বিশেষজ্ঞই চিকিৎসা আৰম্ভ কৰিছিল।

অৱশ্যে, তেওঁ অলপ সময়ৰ ভিতৰতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

ইফালে, পাটলিপুত্ৰ আৰক্ষী থানাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। চুলি সংৰোপণৰ বাবে কোনবোৰ ঔষধ দিয়া হৈছিল? কি প্ৰতিক্ৰিয়া হৈছিল? এই সমূহ প্ৰশ্নৰ উত্তৰ প্ৰতিবেদনৰ পিছতহে পোহৰলৈ আহিব।

লগতে চাওকঃ

বন্ধুৰ বিয়াৰ বাবে ছুটি লৈছিল, কিন্তু কৰ্তব্যৰত অৱস্থাতে মৃত্যুক সাৱটিলে আৰক্ষী জোৱান বিপ্লৱ কুমাৰ সিংহই

225
বিয়ালৈ মাজত মাত্ৰ এমাহ! তাৰ পূৰ্বে চুলি সংৰোপণ কৰি প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে 8

Leave a Comment