অসমঅসমীয়া

গৰু নহয়, এইবাৰ কুকুৰ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত…

নিউজ ডেস্ক। মহানগৰ আৰক্ষীৰ জালত পৰিল কুকুৰ সৰবৰাহকাৰী চক্ৰ।

আৰক্ষীৰ এটা টহলদাৰী দলে গুৱাহাটীৰ ধীৰেনপাৰা ইটাভাটা তিনিআলিৰ পৰা এএছ০২ এএ ৩১৩৯ নম্বৰৰ বাহনখন পৰা আটক কৰা হয় ৫ টাকৈ কুকুৰ সৰবৰাহকাৰীক।

বাহনখন তন্ন-তন্ন কৈ পৰীক্ষা কৰাৰ পিছত বাহনখনৰ ভিতৰত আৰু ১০ টা মােনা উদ্ধাৰ কৰা হয় য’ত এটা কুকুৰ আবদ্ধ কৰি ৰখা হৈছিল।

ইয়াৰ পাছতে ফটাশিল আমবাৰী আৰক্ষী থানাই সংশ্লিষ্ট আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ব্যক্তিসকল হৈছে কাৰ্বি আংলঙৰ সুনীল বে (১৯), দেভিদ ইংতি (৩৭), ধনী ৰাম ৰংহাং (২২), চেৰন সিং ফাংচু (৩০) আৰু লংবিচন লেকথে (২২)।

উল্লেখ্য যে অসমত শেহতীয়াকৈ একাংশ লােক কুকুৰৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে।

অসম আৰক্ষীয়ে ইয়াৰ আগতেও পুলিবৰ অঞ্চলত কুকুৰৰ চোৰাং ব‍্যৱসায়ী চক্ৰ উদ্ধাৰ কৰি ২৪ টা কুকুৰ উদ্ধাৰ কৰিছিল।

আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে কুকুৰবোৰ নাগালেণ্ডৰ মন জিলালৈ নিয়াৰ পৰিকল্পনা কৰিছিল এই চক্ৰটােৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *