অসমঅসমীয়া

এইবাৰ আলফা স্বাধীনত যোগদান উজনি অসমৰ সুদক্ষ ফুটবলাৰৰ

নিউজ ডেস্ক। পুনৰ আলফা স্বাধীনত যোগদান অসমীয়া যুৱকৰ।

এইবাৰ আলফাত যোগ দিয়াৰ সন্দেহ উজনি অসমৰ সুদক্ষ ফুটবল খেলুৱৈৰ।

শদিয়াৰ চপাখোৱাৰ লাচিত নগৰৰ ২৬ বৰ্ষীয় চুনু গগৈ নামৰ যুৱকজনে আলফা স্বাধীনত যোগ দিয়াৰ সন্দেহ কৰিছে পিতৃ-মাতৃ তথা অঞ্চলবাসীয়ে।

p1 10

তিনিচুকীয়ালৈ যাও বুলি যোৱা ১০ মাৰ্চত ঘৰৰ পৰা ওলাই যোৱা চুনু গগৈ সন্ধানহীন হৈ আছে তেতিয়াৰ পৰাই।

শদিয়া ক্ৰীড়া সন্থাৰো সদস্য চুনু গগৈৰ সন্ধানহীন হোৱাৰ পিছতে পৰিয়ালটোত হাহাকাৰ লাগিছে।

যুৱকজনক ঘৰলৈ উভতাই আনিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পৰিয়ালৰ লোকে।

p2 8

আনহাতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো চুনুই যদি আলফা স্বাধীনত যোগ দিছে, তেন্তে ঘৰলৈ উভতাই পঠিয়াবলৈ কৰযোৰে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, বিগত কিছু মাহত ৰাজ্যৰ বহু যুৱক যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ খবৰ পোহৰলৈ আহিছে।

শেহতীয়াকৈ গুৱাহাটীৰ এগৰাকী যুৱতীয়েও আলফাত যোগ দিয়াৰ বাবে ম্যানমাৰত উপস্থিত হোৱাৰ তথ্য নিশ্চিত কৰিছিল খোদ পৰেশ বৰুৱাই।

Leave a Reply

Your email address will not be published. Required fields are marked *