বিহুৰ বতৰত প্ৰাণভৰি নাচিলে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনে

নিউজ ডেস্কঃ ব’হাগৰ বতৰ। বিহু বুলিলেই ৰাই জাই কৰে মন। নাচিব নাজানিলেও এপাক নচাৰ, বজাব নাজানিলেও ঢোলত এবাৰ চাপৰ দিয়াৰ হেঁপাহ এটা এই বিহুতেই জাগি উঠে। সেয়ে বিহু বুলি ক’লেই বলিয়া হয় অসমীয়া।

অসমীয়াৰ প্ৰাণৰ উৎসৱ বিহুটি যে কেৱল অসমীয়াই উদযাপন কৰে তেনে নহয়, বিহু বুলি ক’লেই আনন্দৰে ভৰি পৰে সকলোৰে মন। সেয়ে বিহুৰ বতৰত সন্মুখত অসমীয়াৰ বিহু নাচ দেখি ৰ’ব নোৱাৰিলে অৰুুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনেও।

Image

ইটানগৰত বসবাস কৰা অসমীয়া লোকসকলে পৰম্পৰাগত বিহুৰ সাজত চাওনা মেইনেৰ চৰকাৰী বাসগৃহত বিহু প্রদর্শন কৰাৰ সময়ত মূৰত গামোচা মাৰি এপাক বিহু নাচিলে উপ মুখ্যমন্ত্ৰী চাওনা মেইনে। বিহু গীতৰ তালে তালে ঢোলত চাপৰো দিয়ে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Image

উল্লেখ্য যে, নাহৰলগুন কৃষ্টি কেন্দ্রই সাংস্কৃতিক বিনিময়ৰ এলানি কাৰ্যসূচীৰ অংশ হিচাপে অৰুণাচলৰ বিশিষ্ট আৰু গণ্য মান্য লোকসকলৰ বাসগৃহত বিহু প্ৰদৰ্শন কৰি আহিছে।

ইয়াৰ পূৰ্বে বিহুৰ বতৰত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও নিজ বাসভৱনত বিহু নাচি প্ৰাণভৰি উপভোগ কৰিছিল অসমীয়াৰ জাতীয় উৎসৱটিক।

Leave a Comment